10 খন শ্ৰেষ্ঠ হিন্দী ৱেৱছিৰিজ - Top 10 Best Webseries You Should Not Miss In 2020

Best webseries in india 2020 | top hindi webseries

Top 10 Best Webseries You Should Not Miss In 2020

2020 চনৰ 10 খন শ্ৰেষ্ঠ হিন্দী ৱেৱছিৰিজ

2020 চনটো সমগ্ৰ মানৱ সমাজৰ বাবে পীড়াদায়ক। কিন্তু তাৰ মাজতে এই পীড়াক সন্তোষৰ মলম দিয়াৰ চেষ্টা চলাইছিল কেইখনমান ৱেবছিৰিজে। আহক 2020 চনৰ নৱেম্বৰ মাহলৈকে মুক্তি পোৱা শ্ৰেষ্ঠ 10 খন ৱেব ছিৰিজত চকু ফুৰাও।

soure-indianexpress


1. JL50 : এখন বিমান, যিখন 35 বছৰ পিছত মাটিত অৱতৰণ কৰে।প্ৰকৃততে কি ঘটিছিল, ইয়াৰ আঁৰত বিজ্ঞান নে আন কিবা, তাক জানিবলৈ চনী লিভত প্ৰচাৰিত ৱেবছিৰিজ খন নিশ্চয় চাব। অভয় দেউল,পংকজ কাপুৰ আদি অভিনীত ৱেবছিৰিজ খনৰ IMDb ৰেট হ'ল 7.5।

source-wikipedia


2. Breathe: Into the Shadows : এহাল সুখী দম্পতিৰ এটি কনমানি শিশুৰ অপহৰণ, শিশুটিক ঘুৰাই পোৱাৰ আশাত মাক দেউতাকে কিমান বিপদজনক পদক্ষেপ লয় , প্ৰকৃত অপহৰণকাৰী কোন, কিয় এইবোৰ কৰিছে এনে উৎকন্ঠাৰ অন্ত পেলাবলৈ Amazon Prime Video ত প্ৰচাৰিত Breathe: Into the Shadows খন নিশ্চয় চাব। অভিষেক বচ্চন, অমিত চাধ, নিথ্যা মেনন অভিনীত ৱেবছিৰিজ খনৰ IMDb ৰেট 7.7 ।

source-amazon

3. আশ্ৰম: ভাৰতীয় সমাজ,জীৱন, ৰাজনীতি আদি সকলোতে ধৰ্মৰ পয়োভৰ। ভাৰতীয় লোকৰ এই আৱেগৰ সুযোগ লৈ এচাম ভণ্ডই শোষণ কৰে সহজ সৰল জনতাক।এনে এক ভণ্ড বাবাৰ কাহিনীৰে গঢ়ি উঠিছে আশ্ৰম ৱেবছিৰিজৰ 2 টা ছিজন। ববী দেউল,আদিতি,দৰ্শন কুমাৰ আদি অভিনীত ৱেবছিৰিজ খন MX Playerত উপলব্ধ। ৱেবছিৰিজ খনৰ IMDb ৰেট 7.6 ।

source-wikipedia

4.পঞ্চায়ত:  বিভিন্ন চৰিত্ৰৰ ব্যক্তিৰে ভৰা এখন গাঁৱ আৰু গাৱঁলীয়া জীৱনশৈলীৰ প্ৰতি বিৰক্ত, গাঁৱ পঞ্চায়তত কৰ্মৰত এজন ইঞ্জিনীয়াৰিং গ্ৰেজুৱেট যুৱকৰ কাহিনী। Amazon Prime Video ত উপলব্ধ জিতেন্দ্ৰ কুমাৰ, চন্দন ৰয়, ৰঘুবীৰ যাদৱ আদি অভিনীত ৱেবছিৰিজ খনৰ IMDb ৰেংক 8.7 ।

source-cinemaexpress


5.Special Ops: ভাৰতীয় সুৰক্ষা বিভাগৰ এজন উচ্চপদস্থ বিষয়া আৰু তেওঁৰ পাঁচজন গোপন  এজেন্ট,বিষয়াজনৰ এজেন্টবোৰৰ সহায়ত গোপনে কেনেকৈ 2001 চনৰ সংসদ ভৱনৰ আক্ৰমণত জড়িত ষষ্ঠজন অপৰাধীৰ সন্ধান কৰে তাক জানিবলৈ Disney+hotstar ত প্ৰচাৰিত ৱেবছিৰিজ খন চোৱা উচিত। কেকে মেনন মুখ্য অভিনয়ত থকা ৱেবছিৰিজখনৰ IMDb ৰেংক 8.6।


source- india.com


6. The Family Man: পাৰিবাৰিক সমস্যা আৰু দেশৰ সমস্যাক একেলগে সমাধান কৰিবলৈ গৈ দেশৰ সুৰক্ষাত ৰত বিষয়া এজনে  সন্মুখীন হোৱা প্ৰত্যাহ্বান, দেশ,সমাজৰ লেতেৰা ৰাজনীতি ,মধ্যবিত্ত লোকৰ সমস্যা আদি বলিষ্ঠ কাহিনীৰে ভৰপূৰ the family man যাৰ মুখ্য চৰিত্ৰত আছে  মনোজ বাজপেয়ী। Amazon Prime Video ত প্ৰচাৰিত ৱেব ছিৰিজখনৰ IMDb ৰেট 8.6 ।

source-zingoy


7. মিৰ্জাপুৰ: ছিজন ১ ৰ কেঁচা ঘাঁক প্ৰতিশোধৰ দাৱানলেৰে পুৰিবলৈ Amazon Prime Video ত মুক্তি পাইছিল মিৰ্জাপুৰ ছিজন ২। নেপটিজমৰ ধুমুহাক চেৰ পেলাই আগুৱাই অহা এজাক প্ৰতিভাশালী অভিনেতা যেনে পংকজ ত্ৰিপাৰ্থী,আলি ফজল, দিবেন্দু,বিক্ৰান্ত আদিৰ সাৱলীল অভিনয়ৰে সজ্জিত, প্ৰতিশোধ, পাৰিৱাৰিক কন্দল, প্ৰেম ভালপোৱা আদিৰ মিশ্ৰণ মিৰ্জাপুৰ। ৱেবছিৰিজ খনৰ IMDb ৰেটিং 8.4 ।

source-sntv24samachar

8. অসুৰ: সৰুতেই আমি শুনিছিলো, ভাল কাম কৰিলে ভগৱানৰ ওচৰত যাম, বেয়া কাম কৰিলে অসুৰৰ।কিন্তু এই ৱেবছিৰিজ খনে অনুভৱ কৰাই, প্ৰত্যেক মানুহৰ মাজত দেৱতা আৰু অসুৰ দুয়োটা ৰূপেই থাকে। মাথোঁ পৰিস্থিতিয়ে নিৰ্নয় কৰে কোনটো চৰিত্ৰ বাহিৰত ওলায়।পৌৰাণিক ৰীতি নীতিৰ লগত বিজ্ঞানৰ অভূতপূৰ্ব মিলন ঘটা ৱেব ছিৰিজখন হৈছে এখন ক্ৰাইম থ্ৰিলাৰ। আৰ্শাদ ৱাৰ্চি, অনুপ্ৰিয়া, ৰিধি দোগ্ৰা, বৰুন চোব্টি আদি অভিনীত ছিৰিজখন IMDb ৰেটিং 8.4 । ৱেৱছিৰিজ খন Voot ত উপলব্ধ।

9. পাতাল লোক: আধা জীৱন দেউতাৰ সন্মুখত অকৰ্মণ্য হৈ ৰলো, বাকী আধা জীৱন পুত্ৰৰ সন্মুখত অকৰ্মণ্য হৈ ৰোৱাৰ ইচ্ছা নাই-এজন পুলিচ বিষয়া, পৰিয়াল, ওপৰৱালা সকলোৰে বাবে অকৰ্মণ্য। এজন সাংবাদিকৰ হত্যাৰ চেষ্টা চলোৱা চাৰিজন অপৰাধীৰ কেচ ঘটনাক্ৰমে বিষয়াজনৰ হাতত লাগে, আৰু কেচটো সমাধান কৰিবলৈ গৈ সমাজ,প্ৰশাসনৰ ন ন স্বৰূপৰ সন্মুখীন হয়। ৰহস্যৰে ভৰা ৱেৱছিৰিজখনৰ মুখ্য অভিনয়ত আছে জয়দীপ আহলাৱট। Amazon Primeত উপলব্ধ ছিৰিজখনৰ  IMDb ৰেটিং 7.8 ।

10. Scam 1992: কেৱল ভাৰতৰেই নহয়, সমগ্র বিশ্বৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ ৱেবছিৰিজ। 1992 চনৰ হাজাৰ কৌটিৰ কেলেংকাৰীৰ নায়ক, শ্বেয়াৰ মাৰ্কেটৰ 'Big Bull' হৰ্ষদ মেহতাৰ কাহিনীৰ ৱেবছিৰিজ খনে আপোনাক ভাবিবলৈ বাধ্য কৰাব , জনতাক কোনে শোষণ কৰিছে হৰ্ষদ মেহতাৰ দৰে মানুহে, বেংক প্ৰতিষ্ঠানে নে খোদ প্ৰশাসনে।SonyLIV প্ৰচাৰিত ৱেৱছিৰিজ খনৰ IMDb ৰেটিং 9.5।

মই আপোনাৰ প্ৰিয় ৱেবচিৰিজিখন মিচ কৰিলো নেকি। আপোনাৰ মতে ১১ নম্বৰত কোনখন থাকিব লাগে। তলৰ কমেন্ট বক্সত গৈ কমেন্ট কৰকচোন। ভাল লাগিলে ময়ো চাম

Kulajit Barman

Hi, I'm Kulajit from Baksa, I am Bsc 3rd year student.

1 Comments

Previous Post Next Post