শাহু ৱোৱাৰীৰ কাজিয়া ?10 Tips For Healthy Relationship In Assamese Language

Nandini Assamese Magazine | Free Assamese Books

শাহু ৱোৱাৰীৰ কাজিয়া ?10 Tips For Healthy Relationship In Assamese Language

শাহু বোৱাৰী মাজৰ সম্পৰ্ক মধুৰ কৰাৰ কেইটামান সহজ উপায়

প্ৰতি খন ঘৰৰ একমাত্ৰ সমস্যা শাহু-বোৱাৰী মাজৰ কাজিয়া যাৰ বাবে এখন ঘৰ ধ্বংসৰ পথত আগুৱাই যায় আৰু ইয়াৰ ফলত হৈ ঘৰটো ভাগ হৈ নহয় শাহু বৃদ্ধাশ্ৰম যাব লগা হয়।

ইয়াৰ পৰা পৰিত্ৰাণ পাব কেইটামান সহজ উপায়

১/বিয়াৰ পাছত নিজৰ শাহু বেয়া হলেও ওচৰ চুবুৰীয়া ওচৰত শাহু মা ৰ যিমান পৰা প্ৰসংশা কৰা যাৰ পৰা শাহুৰ মনত তোৰ প্ৰতি ভাল ভাৱ জন্মিব।

২/স্বামীৰ সৈতে কৰবাত ওলাই গলে ঘূৰি আহোঁতে শাহুৰ মন পছন্দৰ খোৱা বস্তু অনিবা আৰু টোপোলা শাহু হাতত দিবা; তেতিয়া তেওঁ ভাবিব যে তুমি ফুৰিব গৈ তেওঁৰ কথা পাহৰা নাই।

৩/আজৰি সময়ত শাহু মা লগত বহি তেওঁৰ লৰালি কালৰ কথা পাতিবা তেওঁক সুধিবা তেওঁৰ শৈশবৰ কথা এনেদৰে দুয়ো ভাল বন্ধু হৈ পৰিব।

৪/তেওঁৰ সকলো বস্তুৰ খোৱা বস্তু, ৰুম ডেকোৰোচন সকলো বস্তুৰ প্ৰসংশা কৰিবা...

৫/তেওঁক ভিন্ন ধৰণৰ উপকৰণ বনাই খুৱাবা তেওঁ ভাল পোৱা মিঠাই তেওঁৰ লগতে নিজেও ঘৰতে বনাব শিকিবা

৬/Most importent কথা ঘৰৰ সকলো কামত তেওঁক আগত ৰাখিবা যাতে তেওঁ নিজেকে লৈ গৌৰৱ অনুভৱ কৰে

৭/এই ক্ষেত্ৰত লৰা সকলৰ ভূমিকা বেছি হব লাগে মাক আৰু পত্নী দুয়োকে এক কৰি ৰাখিব

৮/সদায় তেওঁ মাকক এইটো বিশ্বাস দিব লাগে যে তেওঁ মাকক বহুত ভাল পাই নিজৰ পত্নীত কৈও বেছি.... ঠিক সেইদৰে পত্নীকো বিশ্বাস দিয়াব লগে যে তেওঁ পত্নীক বেছি ভাল পাই

৯/কৰবাত গলে মাক আৰু পত্নী দুয়োৰে পছন্দৰ মিঠাই আনিব লাগে কমকে হলেও

১০/কোনো ক্ষেত্ৰতে মাক বা পত্নীৰ লগত মনোমালিন্য় হব দিব নালাগে ....ভুল বুজাবুজি হব দিব নালাগে কেতিয়াও

ঘৰ খন পৰিয়ালটো বুলি কলে এজন বা দুজন সদ্স্য কেতিয়াও সম্পূৰ্ণ নহয় সেয়ে ঘৰখনৰ একমাত্ৰ দল ডাল হল শাহু-বোৱাৰী সম্পৰ্ক যিটো মজবুত থাকিলে বেলেগ কোনো শক্তিয়ে একো কৰিব নোৱাৰে

এই সকলোবোৰ কাম মন দি কৰিলে তেওঁ তোমাক অতি সোনকালে বোৱাৰীৰ পদৰ পৰা ছোৱালী পদ প্ৰদান কৰিব

পৃথিৱীৰ সকলো শাহু-বোৱাৰী আৰু তেওঁলোকৰ পৰিয়াল কুশলে থাকক

Post a Comment

Previous Post Next Post