7 এ সলনি কৰিব আপোনাৰ ভাগ্য Numerology Number 7 In Assamese Language

7 number is special | assamese Numerology

7 এ সলনি কৰিব আপোনাৰ ভাগ্য Numerology Number 7 In Assamese Language

সংখ্যাৰ লগত জীৱনৰ বিভিন্ন ঘটনাৰ ৰহস্যময় সম্পৰ্কক numerology বা সংখ্যাজ্যোতিষ বা সংখ্যাতত্ত্ব বোলে। জ্যোতিষ শাস্ত্ৰত গ্ৰহ, ৰাশি আৰু নক্ষত্ৰৰ লগতে সংখ্যাৰ ভূমিকা অনেক। ৯টা গ্ৰহ, ১২টা ৰাশি আৰু ২৭টা নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি সংখ্যা আৰু জ্যোতিষ বিদ্যাৰ সম্পৰ্ক বিচাৰ কৰা হয়। সংখ্যা বুলি কলে বছৰ, মাহ, দিন, ঘণ্টা, মিনিট, ছেকেন্দ আদি আৱশ্যকীয় বস্তুৰ সহায় লোৱা হয়‌। সংখ্যাৰ প্ৰয়োগ আজিৰ পৰা প্ৰায় 10000 বছৰ আগতেই হৈছিল। মহান গণিতজ্ঞ পাইথাগোৰাছে সাংখ্যিক পৃথিৱীৰ লগত মানৱীয় পৃথিৱীকযোৰ লগাইছিল। তেওঁৰ মতে সংখ্যাই পৃথিৱীখনক নিয়ন্ত্ৰণ কৰে। সংখ্যাজ্যোতিষৰ প্ৰয়োগ অতীজৰে পৰা বহুদেশত আছে, কিন্তু ভাৰতীয়, চীন, গ্ৰীক, হিব্ৰু, ঈজিপ্তৰ সমাজত ইয়াৰ প্ৰভাৱ গাঢ়। প্ৰাচীন ভাৰতীয় গ্ৰন্থ ‘স্বৰদম্ শাস্ত্ৰ’ত জ্যোতিষ সংখ্যাৰ প্ৰয়োগৰ কথা উল্লেখ আছে। এতিয়া প্ৰশ্ন হয়, জ্যোতিষ বিদ্যাত সংখ্যাৰ ব্যৱহাৰ কিয় হয়? মূলতঃ নিজৰ ভৱিষ্যত জানিবলৈ ইয়াৰ প্ৰয়োগ হয়‌। জ্যোতিষ বিদ্যাত উল্লিখিত নটা গ্ৰহ সূৰ্য, চন্দ্ৰ, ৰাহু, কেতু, গুৰু, বুধ, শুক্ৰ, শনি আৰু মংগলৰ লগত ১ ৰ পৰা ৯ লৈ সংখ্যাকেইটাক তুলনা কৰা হয় আৰু কোন গ্ৰহৰ ওপৰত কি সংখ্যাৰ প্ৰয়োগ আছে, সেই ভিত্তিত ভৱিষ্যতৰ চোতালত ভূমুকি মৰাৰ প্ৰয়াস কৰা হয়। 

7 সংখ্যাটো কিয় Special? 7 সংখ্যাটো সৌভাগ্য নে দুৰ্ভাগ্য : Assamese Numerology

গণিত আৰু সংখ্যাবিজ্ঞানৰ মহান পিতা পাইথাগোৰাছে সাতক এক অতি আধ্যাত্মিক সংখ্যা হিচাপে গণ্য কৰিছিল। ই এটা মখৰিৰ ক্ৰুকৰ দৰে আকৃতিৰ, 7 নম্বৰে মেৰুদণ্ডৰ তলৰ পৰা চকুৰ মাজৰ কপালেৰ কেন্দ্ৰত তৃতীয় চকুলৈ কুণ্ডলিনিৰ প্ৰবাহক প্ৰতিনিধিত্ব কৰে।

7 এটি বিচিত্ৰ সংখ্যা, বহুতৰ বাবে ভাগ্যশালী সংখ্যা। পৃথিৱীত মুঠতে 7খন মহাদেশ আছে-এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, এণ্টাৰ্কটিকা, অষ্ট্ৰেলিয়া। এটা সপ্তাহত 7 দিন থাকে-দেও, সোম, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি। বিয়াত হোমৰ গুৰিত দৰা কইনাক 7টা পাক ঘূৰিব দিয়ে।  মানুহে 7টা জনম একেলগে থকাৰ কথা কয়। ৰামধেনুত মুঠ 7টা ৰং থাকে-বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা। দেহাত মুঠতে 7টা চক্ৰ থাকে-মুলাধাৰ, বিশুদ্ধ, মনিপুৰ, স্বাধীষ্ঠান, অনাগত, আজ্ঞা আৰু সহস্ৰাৰ। সংগীতত মুঠ 7টা সুৰ থাকে-সাৰেগামাপাধানি। 1 ৰ পৰা 9 ৰ ভিতৰত 7 সংখ্যাটো আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা। বাইবেলত 7 সংখ্যাটো 735বাৰ উল্লেখ আছে। হিন্দু শাস্ত্ৰত 7 সংখ্যাৰ প্ৰভাৱ বহুল। যেনে- সাত ছন্দ: গায়ত্ৰী, বৃহত্তী, উষ্ঠিক, জগতী, ত্ৰিষ্টূপ, অনুষ্টুপ আৰু পংক্তি; সাত যোগ: জ্ঞান, কৰ্ম, ভক্তি, ধ্যান, ৰাজ, হঠ, আৰু সহজ; সাত ভূত: ভূত, প্ৰেত, পিশাচ, কুষ্মাণ্ডা, ব্ৰহ্ম ৰাক্ষস, বেতাল আৰু ক্ষেত্ৰপাল; সাত বায়ু: প্ৰৱহ, আৱহ, উদ্বহ, সংবহ, বিৱহ, পৰিৱহ, আৰু পৰাৱহ; সাত দ্বীপ: জম্বু, পলক্ষ, কূশ, শালমালী, শংকৰ, পুষ্কৰ, আৰু ক্ৰৌচ; সাত পাতাল: অতল, বিতল, সুতল, তলাতল, মহাতল, পাতাল আৰু ৰসাতল; সাত লোক: ভুলোক, ভূবলোক, স্বলোক, মহলোক, জনলোক, তপোলোক, সত্যলোক; সাত সমুদ্ৰ: শ্ৰী, দূধী, ঘৃত, পয়ান, মধু, মদিৰা আৰু লহু; সাত পৰ্বত: সুমেৰু, কৈলাস, যলয়, হিমালয়, উদয়াচল, অস্তাচল, আৰু সপেল; সাতখন পুৰী-অযোধ্যা, মথুৰা, হৰিদ্বাৰ(মায়া), কাশী, কাঞ্চী, অৱন্তিকা(উজ্জ্বয়নী) আৰু দ্বাৰকা। কোৱা হয়, পৃথিৱীত আপোনাৰ দৰে 7জন একে ধৰণৰ ব্যক্তি আছে। জগতত মুঠ 7টা দিশ আছে-কেন্দ্ৰ, ওপৰ, তল, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। আপোনাৰ, মোৰ প্ৰিয় খেলুৱৈ এম এছ ধোনি আৰু ৰোনাল্ড’ৰ জাৰ্চি নং 7। এম এছ ধোনিৰ জন্ম বছৰটোৰ সপ্তম মাহৰ 7নং তাৰিখত। পৃথিৱীত মুঠ 7টা আশ্চৰ্যকৰ বস্তু আছে: পিৰামিদ, ক্ৰিষ্ট দি ৰিদিমাৰ, কল’জিয়েম, চীনৰ গ্ৰেট ৱাল, মাচু পিছু, পেট্ৰা আৰু তাজমহল। 

7 ৰ প্ৰভাৱক বিশ্বাস কৰা নকৰাৰ সিদ্ধান্ত আপোনাৰ হাতত। যদি সৌভাগ্যই সাত সংখ্যাৰ সেতুৰে আপোনাৰ জীৱনত খোজ দিছে, তেন্তে আমাক জনাবলৈ নাপাহৰিব। 

Kulajit Barman

Hi, I'm Kulajit from Baksa, I am Bsc 3rd year student.

Post a Comment

Previous Post Next Post