আপোনাক বেকাৰ বুলি হাহে নেকি ? তেন্তে পঢ়ক | Assamese Motivational Article For Boys And Girls

Assamese Motivational Article For boys and girls

আপোনাক বেকাৰ বুলি হাহে নেকি ? তেন্তে পঢ়ক

Assamese Motivational Article For Boys And Girls

এজন ল'ৰাক বেকাৰ বুলি হহাঁৰ আগতে,দেউতাকৰ হোটেলত খাই আছে বোলাৰ আগতে যিমানবোৰ পৰীক্ষা আছে তাৰে ফৰ্মফিলাপ কৰিবলৈ লগা পইছাখিনিৰ বাবে যেতিয়া চিন্তিত মুখেৰে ঘৰত কয়  কেনে অনুভৱ কৰে এবাৰ বুজি চাবাচোন!!

ল'ৰাজনক বেকাৰ বুলি হহাঁৰ আগতে চাকৰিৰ বাবে অফিচে অফিচে ঘূৰি ৰিজেক্ট হোৱা ভাগৰুৱা মুখখনলৈ এবাৰ চাবাচোন, অনুভৱ কৰিব পাৰিবা!!যোগ্য হৈয়ো ঘৰত বহি থাকিব লগাৰ বাবে মানসিকভাৱে কিমান হতাশাত ভোগে বুজানে কেতিয়াবা ??

ল'ৰাজনে কম ইনকাম কৰে বুলি হহাঁ আগতে চোৱাচোন এই ইনকামখিনিৰে এখন ঘৰ চলি আছে !!

এজনী ছোৱালীৰ বয়স বাঢ়ি অহাৰ লগে লগে বিয়া হোৱা নাই বুলি ইতিকিং কৰা যে,এবাৰ ভাৱি চাবাচোন তাইৰ বা কান্ধত আছে কিমান দায়িত্বৰ বোজা!!

এজনী ছোৱালীৰ বিয়া নোহোৱাৰ  বাবে তাইক ঠাট্টা কৰাৰ আগত এবাৰ ভাৱি চাবাচোন তাইৰ মনৰ অৱস্হা কেনেকুৱা হৈ আছে!!

কিন্তু ইমানখিনি বুজাৰ বা অনুভৱ কৰাৰ ক্ষমতা থাকিলে  আনৰ পৰিস্হিতিয়ে লগ নিদিয়া সময়ত ঠাট্টা কৰাৰ মানসিকতা থাকে জানো?আমি কেৱল আনৰ লগত ঘটনাখিনিহকে প্ৰাধান্য দিওঁ,তেওঁৰ অন্তৰত চলি থকা ধুমুহাজাকক দেখাৰ ক্ষমতা নাই!!গতিকে আনকো অনুভৱ কৰি চাবলৈ শিকা,মানুহ হ'বলৈ শিকা!!হহাঁৰ পৰিৱৰ্তে সাহস বিশ্বাস দিবলৈ শিকা

-দিক্ষীতা সৰকাৰ

Assamese Blogger

Online Content Creator, Passionate Blogger

Post a Comment

Previous Post Next Post