প্ৰেমত ব্ৰেকআপ নোহোৱাকৈ কেনেকৈ চলিব । Ultimate Relationship Guide In Assamese Language


প্ৰেমত ব্ৰেকআপ নোহোৱাকৈ কেনেকৈ চলিব । Ultimate Relationship Guide In Assamese Language

আমি প্ৰত্যেক মানুহেই একোজন প্ৰেমিক নহয়নে ।আজিকালিৰ যুৱ প্ৰজন্মৰো বোধকৰো সকলোৰে প্ৰেমিক অথবা প্ৰেমিকা আছে নহয়নে ।আৰু আমাৰ সকলো প্ৰেমতে খং, অভিমান, থেহ-পেচ থাকেই নহয়নে ।কিন্তু,কিছু অভিমান গৈ এটা সম্পৰ্ক মাজত বিষাদো আনিব পাৰে ।

গতিকে আহকচোন আজি পঢ়ো এটি সুসম্পৰ্ক কেনেকৈ আগবাঢ়িলে সুফল পাব পাৰি ।

১.সম্পৰ্ক এটাত প্ৰথমে বিশ্বাসৰ সাঁচ দুয়ো পক্ষৰ পৰাই হ'ব লাগিব ।

২.ইজনে আনজনৰ সৈতে সকলো কথা বিনা দিধাই ক'ব লাগিব আৰু ইজনে আনজনক বুজিব লাগিব 

৩.খং, অভিমান, কাজিয়া প্ৰতিটো সম্পৰ্কতে থাকে কিন্তু সেই কথাবোৰ আওকাণ কৰি এজনে আনজনক মৰমেৰে বুজাই কাজিয়া বা অভিমানবোৰ তল পেলাব লাগিব ।

৪.ইজনে আনজনক সময় দিয়া ।সুখত এজন লগৰীয়া হৈ দুখত এজন ভাতৃ/ভগ্নী হৈ দুয়ো ভগাই লৈ সমাধা কৰা ।

৫.ভালপোৱাক বান্ধোন নকৰি বিশ্বাস অযুত ৰাখি দুয়ো আগুৱাই যোৱাত এজন আনজনৰ অনুপ্ৰেৰণা হোৱা ।

৬.ডাঙৰ -সৰু, তুমি- মই এই স্বাৰ্থ এৰি আমি হৈ আগবাঢ়ি যোৱা ।দেখিবা সকলো সমস্যা সমাধান হ'ব।

সময়ত এজন আনজনৰ বাবে মা/দেউতা, ভাতৃ/ ভগ্নী, স্বামী/স্ত্ৰী হোৱা ।


বৈষ্ণৱী ডেকা

Baishnabi Deka

I m Baishnabi deka, Assamese Girl Studied At Handique Girl's college, Ghy Student of UG Assamese Honours

Post a Comment

Previous Post Next Post