তেওঁ আৰু মোৰ কোনো সম্পৰ্ক নাই | Cute Assamese Lines

Assamese Caption | Assamese Love Lines | Assamese Quotes

তেওঁ আৰু মোৰ কোনো সম্পৰ্ক নাই | Cute Assamese Lines

তেওঁ আৰু মোৰ কোনো সম্পৰ্ক নাই

ৰাতিপুৱা প্ৰথম মেছেজটোৰ পৰা ৰাতি টোপনি যোৱাৰ আগৰ মেছেজটো আমি এজনে আনজনক পঠাও কিন্তু আজিও তেওঁ আৰু মোৰ কোনো সম্পৰ্ক নাই ....। 

মোৰ কিবা অসুখ হলে কষ্ট তেওঁৰ হয় ,তেওঁৰ কিবা দুখ হলে চকুপানী মোৰ চকুৰে নিগৰে অথচ তেওঁ আৰু মোৰ কোনো সম্পৰ্ক নাই ...। 

মোৰ সুখৰ বাবে তেওঁ নিজক পাহৰি যায় আৰু তেওঁৰ সুখক নিজৰ দুখতকৈ ওপৰত ৰাখোঁ সদায় তথাপিও তেওঁ আৰু মোৰ কোনো সম্পৰ্ক নাই ..। 

তেওঁৰ মাতত চকুপানীতো হাঁহি বিৰিঙে ,মোৰ হাঁহিত তেওঁ দুখটো সুখী হয় কিন্তু তেওঁ আৰু মোৰ কোনো সম্পৰ্ক নাই

তেওঁৰ বুকুত জুই ও শান্ত হয় আৰু মোৰ স্পৰ্শত আন্ধাৰটো পোহৰ হয় তথাপি তেওঁ আৰু মোৰ কোনো সম্পৰ্ক নাই

তেওঁৰ চকুত মই জিলিকি ৰও আৰু মোৰ উশাহত তেওঁৱেই সোমাই আহে অথচ তেওঁ আৰু মোৰ কোনো সম্পৰ্ক নাই

তেওঁ মোক ভালপাওঁ বুলি কোনোদিন নকয় যদিও মৰমে ৰৈ মোক বুজাই যায় তেওঁ মোক কিমান ভালপাই তথাপিও তেওঁ আৰু মোৰ কোনো সম্পৰ্ক নাই

হেৰুৱাৰ ভয়ে দুয়োকে বাৰে বাৰে ওচৰ চপাই তথাপি তেওঁ আৰু মোৰ কোনো সম্পৰ্ক নাই .

Assamese Blogger

Online Content Creator, Passionate Blogger

Post a Comment

Previous Post Next Post