উচ্চ ৰক্তচাপ লক্ষণ,সমস্যা,প্ৰতিকাৰ High Blood Pressure (Hypertension) In Assamese

Health tips in assamese language | assamese health bidhan

উচ্চ ৰক্তচাপ লক্ষণ,সমস্যা,প্ৰতিকাৰ High Blood Pressure (Hypertension) In Assamese

উচ্চ ৰক্তচাপ কি? What is high blood pressure?

শৰীৰৰ ধমনীত যেতিয়া তেজৰ চাপ প্ৰয়োজনতকৈ বেছি হয় তেতিয়া তাক উচ্চ ৰক্তচাপ বুলি কোৱা হয়। সাধাৰণতে এজন মানুহৰ দেহত ৰক্তচাপ 120/80 mm Hg থাকে। যেতিয়া এই চাপ সাধাৰণ জোখতকৈ বেছি হয় তেতিয়া আমি উচ্চ ৰক্তচাপ হোৱা বুলি চিনাক্ত কৰিব পাৰো।

উচ্চ ৰক্তচাপৰ লক্ষণ কি ? Symptoms Of Hypertension In Assamese Language?

সাধাৰণতে উচ্চ ৰক্তচাপৰ বহুত বছৰলৈকে কোনো লক্ষণ নাথাকিব পাৰে। সেইবাবে ই আটাইতকৈ ভয়াবহ কিন্তু ইয়াক উচিত সময়ত ধৰা পেলালে চিকিৎসাৰ দ্বাৰা কমাই ৰাখিব পাৰি। উচ্চ ৰক্তচাপে শৰীৰৰ যেনে- বৃক্ক, হৃদযন্ত্ৰ, চকু, মস্তিষ্ক আদিৰ লগতে ধমণিবোৰৰো অপকাৰ কৰিব পাৰে। গতিকে সঠিক সময়ত ইয়াক চিকিৎসা কৰাটো প্ৰয়োজনীয়।

যদিও ইয়াৰ কোনো লক্ষণ নাথাকে তথাপি কিছুমান লক্ষণ দেখিলে ততালিকে ডাক্তৰৰ ওচৰত যোৱা উচিত। সেইকেইটা হল-

  1. মূৰৰ বিষ
  2. উশাহ কমি অহা বা কষ্ট পোৱা
  3.  নাকেৰে তেজ ওলোৱা
  4. বুকুৰ বিষ ইত্যাদি

উচ্চ ৰক্তচাপ ৰ ফলত হোৱা সমস্যা | 

উচ্চ ৰক্তচাপ ৰ ফলত বহুতো গুৰুতৰ সমস্যা হোৱা দেখা যায় তাৰ ভিতৰত

  1. হৃদযন্ত্ৰৰ সমস্যা
  2. ষ্ট্ৰোক
  3. বৃক্ক অচলাবস্তা 

আৰু বহুতো সমস্যা হব পাৰে গতিকে ইয়াক চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়।

উচ্চ ৰক্তচাপৰ প্ৰতিকাৰ |Treatment Options For high Blood Pressure In Assamese

১দৈনিক আহাৰত খোৱা নিমখৰ পৰিমাণ কমাই খাব লাগে। এদিনত এক চামোচ নিমখ অৰ্থাৎ ৫ গ্ৰাম নিমখ হে খাব লাগে। 

২) সদায় সুষম আহাৰ গ্ৰহণ কৰিব লাগে। ফলমূলত অধিক পটাছিয়াম  থাকে  ইয়ে bp কমাই ৰাখে। কলত অত্যাধিক পৰিমাণে পটাছিয়াম থাকে, পাৰিলে দৈনিক এটাকৈ কল খাব লাগে। লগতে সেউজীয়া শাক পাচলি, ৰাসায়নিক সাৰ নিদিয়া বস্তু বেছিকৈ খাব লাগে।

৩) কেঁচা নহৰু খালেও bp কমি থাকে।

৪) অত্যধিক চৰ্বিজাতীয় বস্তু খাব নালাগে। চৰ্বিত বহুত কলেষ্টেৰল থাক যিয়ে bp বঢ়াই গতিকে কমাই খাব লাগে। 

৫) চেনী, কফি, চকলেট বেছি খাব নালাগে। কফিত অত্যাধিক কেফেইন থাকে ই bp বঢ়াই।

৬) ধূমপান, এলকহল জাতীয় বস্তুৰ পৰা সদায় আঁতৰি থাকিব লাগে। নিচা জাতীয় বস্তু বোৰত থকা কেমিকেল বোৰে তেজ প্ৰবাহিত ধমনীৰ ক্ষতি কৰে আৰু bp বঢ়াই। গতিকে ইয়াক এৰাই চলিলে ভাল।

৭) নিয়মিত ব্যায়াম কৰিব লাগে, দিনত কমেও ৩০ মিনিট ব্যায়াম কৰিব লাগে। মানসিক চাপ বেছি লব নালাগে আৰু নিজৰ ওজন বয়স অনুপাতে বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ দ্বাৰা উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

শ্ৰী  দ্বীপ জ্যোতি কলিতা

"ইয়াত প্ৰদান কৰা তথ্যৰ সঠিকতা, সময়ৰেখা আৰু প্ৰকৃতি নিশ্চিত কৰাৰ বাবে প্ৰতিটো প্ৰচেষ্টা কৰা হৈছে। ইয়াত সকলো সমল কেৱল পাঠকৰ তথ্য আৰু জ্ঞান বৃদ্ধিৰ বাবে দিয়া হয়। আমি আপোনাক ইয়াত যিকোনো প্ৰতিকাৰ চেষ্টা কৰাৰ আগতে আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছো।"

Dip Jyoti Kalita

Hii I am Dip Jyoti Kalita I am a student and pursuing my graduation

Post a Comment

Previous Post Next Post