জো বাইডেনৰ কাহিনী : Motivational Story of Joe Biden In Assamese Language

জো বাইডেনৰ কাহিনী : Motivational Story of Joe Biden In Assamese Language

জো বাইডেনৰ কাহিনী : Motivational Story of Joe Biden In Assamese Language

আমি মানুহৰ বিফলতাৰ আঁৰৰ কাহিনী পাহৰি, সফলতাৰ কাহিনীহে মনত ৰাখো ।আজিৰ এই গল্পটি জো বাইডেনৰ বিফলতাৰ কাহিনী ।পেনিছেলভানিয়াৰ ল'ৰা,পৃষ্ঠা চুৰি কৰা ,নিজ স্ত্রী আৰু সন্তানক হেৰুৱা এজন বিৰহী তথা অভিযুক্তৰ গল্প

বিগত  প্ৰায় ৪০বছৰ জোৰা এক যাত্ৰাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৬তম ৰাষ্ট্ৰপতি হিচাপে প্ৰতিষ্ঠিত হ'বলৈ যুঁজ দি আহিছে ।সাতসত্তৰ বছৰ বয়সত মানুহে যি কালত মায়া-মোহ,আশা-প্ৰত্যাশাৰ পৰা বিমুখ হয়, তেনে ক্ষেত্ৰত তেওঁ নিজৰ মনৰ দৃঢ় বিশ্বাস হেয় হ'ব দিয়া নাছিল ।তেওঁৰ মনৰ এই আত্মবিশ্বাসৰ বলত যোৱা নিশা তেওঁৰ হোৱাইট হাউচৰ অধিবাসী ৰূপে পূৰ্ণফল লাভ কৰিলে।

এই কথা আমি সকলোৱে অৱগত যে আমেৰিকাৰ ৰাষ্ট্ৰপতিক পৰাস্ত কৰিবৰ বাবে হোৱাইট হাউচৰ টিকট পাইছিল ।শৈশৱ জীৱনৰ অভাৱ অভিযোগ, পাৰিবাৰিক কন্দল, মানসিক-সামাজিক সমস্যা,এই সকলো জীৱনৰ বাটৰ কাঁইটবোৰৰ সৈতে যুঁজ দি বৰ্তমানৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জোসেফ ৰবিনেট বাইডেন এক উদাহৰণ স্বৰূপে নিজ লক্ষ্যত উপনীত হৈছে ।

আমি সকলোৱে এটি কথা সমাজত শুনি আহিছোঁ যে উচ্চ পদস্হ ঘৰত জন্ম গ্ৰহণ কৰা শিশুৰ মুখত জন্মতে ৰূপৰ চামুচ মুখত লৈ জন্মে আনহাতে দৰিদ্ৰ পৰিয়ালৰ শিশুটিৰ মুখত জন্মতে ৰূপৰ চামুচ মুখত লৈ জন্মে যদিও পুনৰ সেই চামুচ মুখৰ পৰা কাঢ়ি নিয়া হয় ।জো বাইডেনৰ ক্ষেত্ৰতো যেন তাৰ বিপৰীত দেখা নগ'ল।কাৰণ,বাইডেনৰ পিতৃ এজন সুদক্ষ ব্যৱসায়ী আছিল ।কিন্তু বাইডেনৰ জন্মৰ পিছৰে পৰা পিতৃৰ ব্যৱসায় অধিক বিফল হ'ব ধৰিলে ।নিজ বোধশক্তি জাগিবৰ পৰা বাইডেন এনে দৰিদ্ৰতাৰ সৈতে সহবাস কৰিছে ।যৌথ পৰিবাৰৰ ভিন্ন সমস্যাৰ সৈতে জো বাইডেন মুখামুখি হৈ ডাঙৰ হৈছে ।

দৰিদ্ৰতা যেন তেওঁৰ শিক্ষা খণ্ডত হেঙাৰ হোৱা নাছিল ।শিশুকালৰ পৰাই তেওঁ ৰৈ ৰৈ কথা কোৱা সমস্যাত ভুগিছিল ।বাইডেনৰ এই কথাক লৈ স্কুলৰ বন্ধুবৰ্গৰ লগতে শিক্ষক সকলেও সদায় তেওঁৰ সৈতে ঠাট্টা হাঁহি-তামাচা কৰিছিল আৰু এনে আচৰণে বাইডেনক ভিতৰি ভিতৰি ভাঙি পেলাইছিল ।তথাপিও হাৰ মানিবলৈ নিশিকা বাইডেনে চেলেঞ্জ হিচাপে লৈ সদা আইনাৰ আগত থিয় হৈ এটা শব্দও ৰ'ব নলগাকৈ বাক্য কোৱাৰ যত্ন কৰিলে ।বাইডেনৰ  হাইস্কুল শিক্ষাৰ কালচোৱালৈ এই সমস্যা সমাধান হ'ল। ক্রমানয়ে তেওঁ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বাবে ডেলাওয়াৰ যায় ।তাৰ পৰা আইনী শিক্ষাৰ বাবে চিৰাকিউজ বিশ্ববিদ্যালয়লৈ যায় ।তাতে তেওঁৰ জীৱনসংগী নেইলিয়া হাণটাৰৰ সৈতে দেখা হয় ।

কলেজীয়া শিক্ষা সমাপ্ত কৰি জো বাইডেন উইলমিংটনত বাস কৰে ।আইনৰ গুৰু ৰূপে তেওঁ স্থিত হয় । কিন্তু কিছুকাল পিছত আইনী পেচা এৰি তেওঁ ৰাজনীতি পথ লয়। উইলমিংটনত পৰিষদৰ এখন আখনৰ বাবে প্ৰতিদ্বন্দিতা কৰি অভূতপূৰ্ব বাবে জয় লাভ কৰে আৰু তাতেই তেওঁ ৰাজনীতিৰ দায়িত্ব পালন কৰে ।

তাৰ পিছত তেওঁ চিনেট নিৰ্বাচনত জয় হয় ।তেতিয়া তেওঁৰ বয়স মাত্ৰ ৩০ বছৰ।৩০বছৰ বয়সতে চিনেটৰ ৰিপাব্লিক প্ৰাৰ্থীক হৰুৱাই এক চমক দেখুৱাই ।আমেৰিকাৰ ইতিহাসৰ দিতীয় সৰ্বকনিষ্ঠ চিনেট ৰূপে পৰিগণিত হ'ল আৰু এইটোৱে বাইডেনৰ জীৱনৰ টাৰ্নিং পইন্ট বুলিব পাৰি ।ৰাজনীতি তথা ডেমোক্রেটিক দলটো জো বাইডেনৰ স্হান তেতিয়া "ৰাইজিং ষ্টাৰ"।

খ্রীষ্টমাছ আহি দুৱাৰত ।জো বাইডেনে ঘৰত খ্রীষ্টমাছ ট্রি আনিবলৈ পত্নী তথা তিনি সন্তানৰ বজাৰলৈ বুলি গ'ল। কিছু মুহূৰ্তৰ পাছত বাইডেনলৈ খবৰ আহিছে যে পথৰ এটা দুৰ্ঘটনাত পত্নী আৰু সন্তান নেওমি মৃত্যুক আকোৱালি লয় তথা বাকী দুই সন্তান আহত প্রায়। এই দুখৰ খবৰ পাই জো বাইডেনৰ যেন ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ গ'ল।

গাড়ী দুৰ্ঘটনাত নিহত পত্নী তথা কন্যাক হেৰুৱা দুখে বাইডেনক মানসিকভাৱে দুৰ্বল কৰি পেলাইছিল ।এনে  বিষাদৰ বাবে তেওঁ ৰাজনীতি এৰাৰো মন মেলিছিল ।যিহেতু বাইডেন অতি সহজে হাৰ নামানে ।তেওঁ ১৯৮৭চনত জো বাইডেনে ডেমোক্রেটিক দলৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ।

নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়তে আন এক দু:সংবাদে আহি বাইডেনৰ দুৱাৰ খুলিলে ।বাইডেনৰ বিৰুদ্ধে আনৰ লিখনি চুৰিৰ অভিযোখ দাখিল হৈছে ।তথ্যানুসৰি জনা যায় আইওয়াৰ কোনো সভাত বক্তৃতা দিয়াৰ সময়ত বৃটিছ লেবাৰ পাৰ্টিৰ এটা বক্তৃতাৰ সৈতে আন এটা বক্তৃতা হুবহু মিল থাকিলে সেই কথা চুৰি বুলি অভিহিত হয়। আন এক তথ্যমতে বাইডেন পঢ়ি থকা কালত আনৰ পেপাৰত যি দেখে সকলো নকল কৰিছিল ।এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত বাইডেনক "ডিজ অনেস্ত "ৰূপে পৰিচিত হয়।ব্যক্তিগত সমস্যা তথা এনে অভিযোগ বোৰৰ বাবে তেওঁৰ গঢ় দিয়া কেৰিয়াৰলৈ সংকট নামি আহিছিল ।

বাইডেন পুনৰ সংকীট হৈছিল যদিও জীৱিত দুই সন্তানক সাৱতি পুনৰ সপোন দেখিবলৈ আৰম্ভ কৰিলে ।আৰু জীৱনৰ অপূৰ্ণ ভবিষ্যত পূৰ্ণ কৰিবলৈ তেওঁ পুনৰ বিবাহপাশত আবদ্ধ হয় আৰু এটি কন্যা সন্তান জন্ম দিয়ে ।বাইডেনে পুনৰ লাহে লাহে ৰাজনীতিলৈ অগ্ৰসৰ হয় ।২০০৮চনৰ নিৰ্বাচনত তেওঁ আসন অধিকাৰ কৰে ।আৰু ক্রমানয়ে তেওঁ বয়সে ৰিঙিয়াইছিল ।

সেই সময়ছোৱাত বাৰাক অবামা ডেমোক্রেটিক পাৰ্টিৰ পৰা মনোনয়ন লাভ কৰে।বাৰাক অবামাই পুনৰ উপ ৰাষ্ট্ৰপতি হিচাপে চলিত বন্ধু জো বাইডেনক নিৰ্বাচন কৰে ।অবামাৰ শাসনত অন্য ৰাজ্যৰ বিষয়ক কমিটিৰ সৈতে বাইডেনে দীৰ্ঘকাল কাম কৰে আৰু বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তত তেওঁৰ মত প্ৰকাশ কৰে ।

অবামাৰ দুই কাল সম্পূৰ্ণ হোৱাৰ পিছত, ২০১৬চনত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হোৱাত বাইডেনে পুনৰ প্ৰতিদন্দ্বিতা কৰিব আগবাঢ়ে ।পুনৰ এক নতুন দুঃখবৰ যেন ৰৈ আছিল ।বাইডেনৰ সন্তান বো বাইডেন মস্তিষ্কৰ কেন্সাৰত আক্রানত হৈ মৃত্যক সাৱতি লয়।তেওঁ ডেলাওয়াৰৰ এৰ্টনি জেনেৰেল হিচাপে কাম কৰিছিল ।এই মৃত্যুৱে যেন জো বাইডেনক পুনৰ ভাঙি পেলালে । তথাপি পুনৰ দৃঢ়বিশ্বাসৰে   ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত অংশ গ্ৰহণ কৰে আৰু ২০২০চনত জো বাইডেন উপ ৰাষ্ট্ৰপতিৰ পদ অধিকাৰ  কৰে ।জনসাধাৰণৰ মৰম, আশীৰ্বাদ,সমৰ্থন, অৰেঞ্জ হৰিছৰ দৌৰা বন্ধু, উচ্চস্তৰৰ ভাষণ,নিৰ্বাচনত উত্তেজনা,,,শেষত আমেৰিকা যুক্তৰাষ্ট্ৰত লিখিলে বিজয়ৰ ধ্বজা ।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচন কোন দিশে গতি কৰিব সেই বিষয়ে সকলো অজ্ঞাত আছিল ।মাৰ্কিন যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি নিৰ্বাচনত অনেক অঘটন সংঘটিত হয় ।উপযুক্ত প্রাৰ্থী সকলক "উপেক্ষা" কৰোৱা হয় ।এনে ধৰণৰ দিশ সামৰি জো বাইডেন নিৰ্বাচনত জয়ী হ'ব নে নাই সেয়া সময়ৰ হাতত আছিল ।তেতিয়া সকলো অঘটন নাশ হৈ,পাৰিবাৰিক সমস্যা ,বিষাদৰ বেদনা নেওচি সুদীৰ্ঘ ৪০বছৰৰ অন্তত জো বাইডেনৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন বাস্তৱায়িত হয়।তেওঁৰ এই উদ্যমী সাহসৰ বিষয়ে অৱগত নকৰিলে আমাৰ ভুল হ'ব।তেওঁৰ মনৰ সাহস আৰু একাগ্ৰতাৰ ফলত আজি তেওঁ নিজৰ মনৰ আকাশখন জিকিবলৈ সক্ষম হৈছে ।জো বাইডেনক "আমেৰিকাৰ ৰবাৰ্ট ব্রুচ "নামে অভিহিত কৰিব পাৰি ।ৰবাৰ্ট ব্রুচ যেনেদৰে সগ্রাম কৰি শেষত জয় হৈছিল ,ঠিক একেদৰে জো বাইডেনেও অৱশেষত জয় লাভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ আসনত বহে।

লক্ষ স্থিৰ আৰু আত্মবিশ্বাস হ'লে যিকোনো পৰিস্থিতিয়ে আমাৰ জীৱনৰ হেঙাৰ হ'ব নোৱাৰে ।তাৰেই এক উদাহৰণ জোসেফ ৰবিনেট বাইডেন ।

বৈষ্ণৱী ডেকা

Baishnabi Deka

I m Baishnabi deka, Assamese Girl Studied At Handique Girl's college, Ghy Student of UG Assamese Honours

Post a Comment

Previous Post Next Post