মাছ ধুবলে ললে হাতখন গোন্ধাই নে ? তেন্তে এবাৰ পঢ়ক How To Get Rid of Fish Smell

How To Get Rid of Fish Smell | Assamese tips Fish

মাছ ধুবলে ললে হাতখন গোন্ধাই নে | How To Get Rid of Fish Smell

A few tips on how to get rid of fish smell In Assamese Language


বহুত লোকে এই গোন্ধটো সহ্য কৰিব নোৱাৰে । কিন্তু এনেকুৱা কিছুমান কৌশল আছে যি কৌশল ব্যবহাৰ কৰি আপুনি এনেকুৱা বিৰক্তিকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাব পাৰে।

আহক আজি আমি জানি লওঁ মাছ ধোৱাৰ এটা সহজ পদ্ধতি ।

How do I remove odor from fish before cooking? Cooking Tips In Assamese Language

  1. মাছ ধোৱাৰ সময়ত মাছত অলপ নিমখ আৰু হালধি দি অলপ সময় ৰাখি পৰিস্কাৰ পানীৰে ধুই দিব ।
  2. কাটি ৰখা মাছ খিনি ধোৱাৰ কাৰণে এটা পাত্ৰত ৰাখি অলপ নিমখ আৰু হালধি দিব । তাৰ পিছত সেই পাত্ৰটোত টানকৈ সাফৰ লগাই লাহে লাহে  (জোৰত জোকাৰি দিলে মাছৰ টুকুৰা বোৰ ভাঙি যাব পাৰে) জোকাৰি দিব ।এনেদৰে দুই তিনিবাৰ কৈ অলপ হালধি,নিমখ দি পাত্ৰটো জোকাৰি দিব ।এনেকুৱা কৰিলে মাছৰ লেতেৰা পানীবোৰ ওলাই আহিব ।(প্ৰতিবাৰে পানী দি ধোৱাৰ সময়ত অলপ হলেও নিমখ, হালধি দি লব)।  তাৰ পিছত পাত্ৰটোৰ পৰা মাছৰ টুকুৰাবোৰ চালনি এখনত বাকী দি অলপ পৰিস্কাৰ পানী ঢালি দিব। এনেকুৱা কৰিলে মাছৰ পিছল ভাৱটো একেবাৰে নোহোৱা হৈ যাব । অলপ সময় চালনি খনতে মাছখিনি থৈ দিব যাতে গোটেই পানী খিনি নিগৰি যায়। সৰু সৰু মাছৰ কাৰণেও মাত্র হালধি,নিমখ দি ধুই দিলেই যথেষ্ট । 
  3. মাছ ধোৱাৰ পিছত চাউল, দাইল ধোৱা পানীৰে হাতখন ধুই দিব পাৰে তেতিয়া মাছৰ গোন্ধটো নাইকিয়া হৈ যাব । নহলে নেমু টেঙা  হাঁতত ঘঁহিলে গোন্ধটো নোহোৱা হৈ যাব ।
এনেদৰে মাছ ধুলে হাত খনো নোগোন্ধাই আৰু নখো নাভাঙে।

-পম্পী দাস

Post a Comment

Previous Post Next Post