কেন্সাৰ ৰোগৰ ঘৰুৱা দিহা Home Remedies for Cancer Treatment In Assamese

Health Tips In Assamese Language | Assamese Home Remedies

কেন্সাৰ ৰোগৰ ঘৰুৱা দিহা Some Home Remedies for Cancer Treatment 

  • ১) ৫০ মিলিলিটাৰ অমিতাৰ সতেজ পাতৰ ৰস উলিয়াই মিহি কাপোৰেৰে চেকি লৈ দিনটোত তিনিবাৰকৈ খুৱাওক।
  • ২) তুলসী আৰু নয়নতৰাৰ পাত এঘাৰটাকৈ লৈ মিহিকৈ বটি চাটনি বনাই পুৱা-গধূলি ৰোগীক খাবলৈ দিয়ক।
  • ৩) বীট, গাজৰ আৰু ক'লা আঙুৰৰ ৰস মিহলাই প্ৰতিদিনে এশ মিলিলিটাৰ পৰিমাণত খাবলৈ দিয়ক। 
  • ৪) ঘেহুঁৰ গজালিৰ ৰস উলিয়াই প্ৰতিদিনে ৰোগীক খুৱাওক। 
  • ৫)পাৰেমানে কোনোধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ কৰা শাক-পাচলি নিয়মীয়াকৈ ৰোগীক খাবলৈ দিয়ক।
কেন্সাৰ ৰোগীৰ দ্ৰব্যৰ দিহা: 
       এটা নেমু বাকলিৰ সৈতে সৰু সৰু টুকুৰা কৰি কাটি লওক। আন এটা পাত্ৰত এশ গ্ৰাম নহৰু বাকলি গুচাই সৰু সৰু টুকুৰা কৰি কাটি লওক। ১৫ মিনিটৰ পিছত এই দুয়োবিধ দ্ৰব্য একেলগ কৰি মিক্সিত দি ৪০০ মি:লি: পৰিষ্কাৰ পানীৰে সৈতে গ্ৰাইণ্ড (মিহিকৈ গুড়ি) কৰি লওক। এই মিশ্ৰণটো গ্ৰাইণ্ডাৰৰ পৰা উলিয়াই এখন পৰিষ্কাৰ মিহি কাপোৰেৰে চেকি লৈ এটা পৰিষ্কাৰ বটলত ভৰাই থৈ দিয়ক। 
         
 সেৱন বিধি
       এই মিশ্ৰণৰ ৰস ১৫-২০ মিলিলিটাৰ পৰিমাণত দিনে তিনিবাৰকৈ কিবা খাই লোৱাৰ পিছত ৰোগীক খাবলৈ দিয়ক। যিকোনো ধৰণৰ কেন্সাৰ আৰু টিউমাৰৰ কাৰণে এই ঔষধ মহৌষধ স্বৰূপ। 

-সুস্মিতা দত্ত

"ইয়াত প্ৰদান কৰা তথ্যৰ সঠিকতা, সময়ৰেখা আৰু প্ৰকৃতি নিশ্চিত কৰাৰ বাবে প্ৰতিটো প্ৰচেষ্টা কৰা হৈছে। ইয়াত সকলো সমল কেৱল পাঠকৰ তথ্য আৰু জ্ঞান বৃদ্ধিৰ বাবে দিয়া হয়। আমি আপোনাক ইয়াত যিকোনো প্ৰতিকাৰ চেষ্টা কৰাৰ আগতে আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছো।"

Post a Comment

Previous Post Next Post