উদ্ধৱ ভৰালী- Uddhab Bharali A Genius from Assam

Uddhav bharali Invesnion | Assamese Genius Man

উদ্ধৱ ভৰালী -Uddhab Bharali A Genius from Assam

"উদ্ধৱ ভৰালীক আজিৰ প্ৰজন্মৰ কেইজনে চিনি পাই" ? 

কিমান আৰু অৰ্ণৱ গোস্বামীৰ কথা আলোচনা কৰিব, কিমান আৰু কোনোবা বলিউডৰ অভিনেতাৰ সফলতাৰ আঁৰৰ কাহিনীৰ বিষয়ে পাতি থাকিব! আজি এজন সুযোগ্য অসম সন্তানৰ বিষয়ে কব ওলাইছো। তেওঁ কোনো বলিউডৰ চেলিব্ৰিটী নহয় বাবে তেওঁৰ সফলতাৰ আঁৰৰ কাহিনী কোনেও নাজানে , কিন্তু দৰিদ্ৰতাক নেওঁচি, নিজৰ কষ্ট, সাধনাৰ বলত তেওঁ আজি গোটেই অসমবাসীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে। 

কোনোবা মডেল, কোনোবা গান চুৰ কৰি গুৱা ব্যক্তিৰ ফেচবুক, Instagram ত লাখৰ ঘৰত অনুগামী কিন্তু এইজন বিশ্ববিখ্যাত অসমীয়াক আমি কিমানজনে চিনি পাওঁ?? অসমৰ লখিমপুৰ জিলাৰ এজন বিজ্ঞানী আৰু অভিযন্তা তথা অসম গৌৰৱ উদ্ধৱ ভৰালীৰ কথা কব ওলাইছো।

Uddhab Bharali - An Indian Inventor From Assam

ভৰালী ছাৰৰ দেউতাক আছিল এজন সাধাৰণ ব্যৱসায়ী। লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা জীৱন পাতলি মেলা উদ্ধৱ ভৰালীয়ে ঘৰৰ আৰ্থিক দুৰৱস্থাৰ হেতু কলেজৰ মাচুল দিব নোৱৰাৰ বাবে তেওঁ JEC ৰ অভিযান্ত্ৰিক শিক্ষা আধাতে সামৰিব লগীয়া ও হৈছিল। তাৰ পাছত তেওঁ চেন্নাইৰ Institute of Engineers- Madras নামভৰ্তি কৰে, কিন্তু দুৰ্ভাগ্যবসতঃ পিতৃৰ মৃত্যুৰ বাবে তেওঁ শিক্ষা আধাতে সমাপ্ত কৰি ঘৰৰ দায়িত্ব ল’ব লগা হয়। 

২০১২ চনতআৱিস্কৃত ডালিমৰ গুটি গোচোৱা যন্ত্ৰ (benchtop pomegranate de-seeder)-ৰ বাবে The Create the Future Design Contest-ৰ দ্বিতীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত হয়।তেওঁৰ নামত তেওঁৰ আৱিস্কৃত প্ৰযুক্তিৰ বাবে মুঠ ৩৯টা পেটেণ্ট আছে।তেওঁ প্ৰায় ১১৮টা যন্ত্ৰ উদ্ভাৱন কৰিছে।১৯৮৮ চনত তেওঁ পোন প্ৰথম কম খৰচতে পলিথিন নিৰ্মাণ কৰা যন্ত্ৰ এটা সাজি উলিয়াইছিল। 

তেওঁ আগবঢ়োৱা অৱদানৰ বাবে জাতীয় উদ্ভাৱনী সংস্থাৰ 'সৃষ্টি সন্মান' (২০০৭), উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰপতি বঁটা (২০০৯), বিজ্ঞান প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ পৰা 'Meritorious Invention Award' (২০১১), নাছাৰ 'The Create the Future Design Contest'-ৰ দ্বিতীয় পুৰস্কাৰ,ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান (২০১৯) আদি বিভিন্ন সন্মান ও লাভ কৰে। 

কিন্তু দুখৰ বিষয় এই যে আজি প্ৰজন্মৰ বহু জনে হয়তো উদ্ধৱ ভৰালী কোন বুলি সুধিলে চিনিয়ে নাপাব। আমাৰ আগৰ পৰাই বদনাম আছে যে আমি মানুহৰ মূল্য দিব নাজানো। সাধাৰণতে সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা এইজনা অসম সন্তানক যেন আমি দিব লগা সন্মান, মৰম দিয়াত বহু পৰিমাণে ব্যৰ্থ হৈছো।

Partha Protim Baruah

Assamese Blogger

Online Content Creator, Passionate Blogger

Post a Comment

Previous Post Next Post