বিলাহী, কাজু, কিছমিছ, মগজ, চিতল মাছৰ গ্ৰেভি Assamese Food

Assamese Fish Recipe | Assamese Recipe New

  1. মাছ চাৰি টুকুৰা
  2. মিহিকৈ কাটি লোৱা পিয়াজ দুটা  
  3. বিলাহী পেষ্ট (দুটা বিলাহীৰ ) 
  4. কাজু,, কিছমিছ আৰু মগজৰ পেষ্ট 
  5. আদা নহৰু পেষ্ট 
  6. কেঁচাজলকীয়া 
  7. নিমখ হালধী 
  8. জিৰা ,,ধনীয়া,,জলকীয়া গুৰি ,,,কাশ্মিৰী জলকীয়া গুৰি 
  9. ধনীয়া 

প্ৰণালী

প্ৰথম মাছ ভাজি ললোঁ ,,,আৰু সেই খন কেৰাহিতে আৰু অলপ তেল দি পিয়াজ কেঁচাজলকীয়া দি ভাজিলো ,,,,আদা নহৰু পেষ্ট দি কেঁচা গোন্ধ  যোৱালৈ ভাজি বিলাহী পেষ্ট দিলোঁ আৰু লগতে গুৰি মচলা নিমখ হালধী দি তেল  এৰালৈ ভাজি অলপ পানী দিলোঁ আৰু মগজ কাজুৰ পেষ্ট খিনি দি  ভালকৈ লৰাই মাছ দি উতলিবলৈ দিলোঁ গ্ৰেভি হোৱালৈ ,,,,শেষত ধনীয়া দি নমাই পৰিবেশন কৰিলোঁ ।

প্ৰস্তুতি:
ৰুবী দত্ত 
লক্ষীমপুৰ

Post a Comment

Previous Post Next Post