আনাৰস চিকেন New Assamese Recipe | Assamese Food

Assamese Fruit Recipe | Axomiya Food Recipe

মাংস এপোৱা লৈছোঁ ,,তাতে নিমখ হালধী ,আদা নহৰু পেষ্ট, জলকীয়া গুৰি , জিৰা গুৰি ,আৰু জালুক গুৰি দি সানি ললোঁ ।আনাৰস এটাৰ (সৰু ) তিনি ভাগৰ এভাগ কাটি টুকুৰা কৰি ললোঁ । এতিয়া কেৰাহীত তেল গৰম হোৱাত পিয়াজ তেজপাত দি বাদমী ৰং হোৱাকৈ ভাজি মাংস খিনি দি ভালকৈ লৰাই লৰাই ভাজি কম জুইত ঢাকোন দি সিজালৈ কে ভাজিলো ।মাজতে অকণমান পানীও যোগ কৰিছো । তাৰ পিছত আনাৰস খিনি দি আকৌ অলপ সময় ভাজি সিজা যেন হওঁতে নমাই থলো । 

আনাৰস কাটোতে মাজৰ খিনি উলিয়াই এইদৰে ৰাখি তাতেই ভাত সাজ পৰিবেশন কৰিলোঁ ।

প্ৰস্তুতি:
ৰুবী দত্ত 
লক্ষীমপুৰ 

Post a Comment

Previous Post Next Post