Top 10 Assamese Non-Veg Recipe | Assamese Food

চিকেন অগৰং বগৰং

আৱশ্যকীয় সামগ্ৰীসমূহ:

১৷ চিকেন ৭৫০ গ্ৰাম (মধ্যম আকাৰত কটা)
২৷ পিঁয়াজ ২ টা (ডাঙৰ) 
৩৷ নহৰু ৩০ কোঁহ 
৪৷ আদা ১ ইঞ্চি 
৫৷ ছ'য়া ছচ ২ টেবুল চামুচ 
৬৷ টমেট' ছচ ১ টেবুল চামুচ 
৭৷ জালুকৰ গুৰি আধা টেবুল চামুচ 
৮৷ ভোট জলকীয়া (আৱশ্যকতা অনুসৰি/ অন্য জলকীয়াও ব্যৱহাৰ কৰিব পাৰে৷) 
৯৷ ৰিফাইণ্ড ৫+২ টেবুল চামুচ 
১০৷ নিমখ আণ্ডাজ অনুসৰি 
১১৷ নেমু এফাল 
১২৷ ধনীয়া পাত (গাৰ্ণিশ্বিংৰ বাবে)
১৩৷ পানী এক কাপৰ এক চতুৰ্থাংশ


পদ্ধতি: 
নহৰু-আদাখিনি ছ'য়া ছচ আৰু টমেট' ছচৰ সৈতে একেলগ কৰি সামান্য পানীৰ (এক কাপৰ এক চতুৰ্থাংশ) সৈতে মিহিকৈ পিচি লব আৰু মিশ্ৰণটো ভালদৰে পৰিস্কাৰ কৰি লোৱা ছালবিহীন মাংসখিনিৰ সৈতে সানি ৪৫ মিনিটৰ বাবে মেৰিনেট কৰি ৰাখক৷ 
পিঁয়াজ খিনি কাটি লওক আৰু কেৰাহীত ২ টেবুল চামুচ গৰম কৰি পিঁয়াদখিনি ৰঙচুৱাকৈ ভাজি (কেৰামেলাইজ) মিক্সিত মিহিকৈ পিচি লওক৷ 
কেৰাহীখন পৰিস্কাৰ কৰি ভালদৰে গৰম কৰি তেল গৰম কৰক আৰু সমষ্ট মেৰিনেডৰ সৈতে মাংসখিনি কেৰাহীত দিয়ক৷ প্ৰয়োজন অনুসৰি নিমখ যোগ কৰি গেছ মধ্যম কৰি মাংসখিনি তেল বিৰিঙালৈ ভাজক যেতিয়ালৈ মাংসৰ ৰং ছ'য়া ছচৰ ফলত গাঢ় ৰঙচুৱা নহয়৷ প্ৰায় ২৫ মিনিট সময় লাগিব৷ 
মাংসৰ ৰং সলনি হোৱাৰ পিছত পিচি লোৱা পিঁয়াজ খিনি যোগ কৰক আৰু পুনৰ মাংসৰ মিশ্ৰণটোৰ পৰা তেল বিৰিঙিবলৈ দিয়ক৷ চাব মছলাখিনি যাতে মাংসৰ সৈতে মিলি পৰিছে৷ ইয়াৰ পিছত জালুকৰ গুৰি যোগ কৰক আৰু ভালদৰে মিলাই ৫ মিনিটমান ভাজক আৰু তাৰ পিছত নেমু চেপি দিয়ক৷ 
নেমু চেপি দিয়াৰ পিছত ২-৩ মিনিট গেছৰ ওপৰত ৰাখি গেছ বন্ধ কৰক আৰু ধনীয়া কূটী গৰমে গৰমে পৰিবেশন কৰক৷ 

চিকেন ৰাপচিক্

প্ৰয়োজনীয় সামগ্ৰীসমূহ: 
১৷ চিকেন ৫০০ গ্ৰাম 
২৷ পিঁয়াজ ৩টা (ডাঙৰ) 
৩৷ নহৰু ২৫-৩০ কোঁহ 
৪৷ আদা ১ ইঞ্চি 
৫৷ জিৰা গুড়ি ২ টেবুল চামুচ 
৬৷ ভোট জলকীয়া গুৰি আধা চাহ চামুচ 
৭৷ গৰম মছলা ১ চাহ চামুচ 
৮৷ হালধী ১ চাহ চামুচ 
৯৷ নিমখ আন্দাজত 
১০৷ বিলাহী ১ টা (ডাঙৰ) 
১১৷ ছ'য়া ছচ ৩ টেবুল চামুচ 
১২৷ টমেট' ছচ ২ টেবুল চামুচ 
১৩৷ ৰিফাইণ্ড আধা কাপ 

Assamese Chicken Recipe | Assamese Non Veg Food


প্ৰস্তুতি: 

চিকেনখিনি ভালদৰে পৰিস্কাৰ কৰি পানী টুকি লওক৷ পিঁয়াজৰ এটা নহৰু আৰু আদাৰে সৈতে মিহিকৈ পিচি লওক আৰু বাকি দুটা পিঁয়াজ স্বাভাৱিক আকাৰত কাটি লওক৷ বিলাহী কাটি লওক৷ 
কেৰাহীত তেল গৰম কৰি তাতে কাটি লোৱা পিঁয়াজখিনি স্বচ্ছ হোৱালৈ ভাজক আৰু তাৰপিছত নহৰু-আদা-পিঁয়াজৰ পেষ্ট যোগ কৰি কেঁচা ভাৱ নোহোৱালৈকে ভাজক আৰু তাৰ পিছত জিৰা গুড়ি, ভোট জলকীয়া গুড়ি, গৰম মছলা আৰু হালধী নিমখ যোগ কৰি ভালদৰে মিলাই মাংসখিনি যোগ কৰি ভালদৰে মছলাৰে মিলাই ডাঙৰ জুইত ভাজক৷ 
মাংসই তেল আৰম্ভ কৰোঁতে কাটি লোৱা বিলাহী যোগ কৰি বিলাহী সিজি গলি যোৱালৈ ভাজক আৰু তাৰ পিছতে ছয়া ছচ যোগ কৰি ভালদৰে মিলাই কিছু সময় ডাঙৰ জুইত ভাজি গেছৰ জুই মধ্যমীয়া কৰি ঢাকনি লগাই ১৫ মিনিট মান সিজাওক৷ মাজে মাজে লৰাব৷ 
১৫ মিনিটৰ পিছত টমেট' ছচ যোগ কৰি ভালদৰে মিলাওক আৰু ছচৰ গোন্ধ নোহোৱা হলে পানী এচলু চতিয়াই গেছ ডাঙৰ কৰি পানীকণ শুকুৱাই গেছ বন্ধ কৰক আৰু গৰমে গৰমে ৰুটীৰ লগত পৰিবেশন কৰক৷

Dhruba j saikia 
Gangtok (Sikkim)

Post a Comment

Previous Post Next Post