Top 10 Assamese Recipe You Must Try | Assamese Food

Assamese Recipe | New Assamese recipe | Food Assamese


কেশৰ ৰসগোল্লা

উপকৰণ সমূহ

গাখীৰ: আধা লিটাৰ 
নেমু: এফাল
কেশৰ: 12/14 ডাল
চেনী: আধা কাপ
পানী: এক কাপ 
ইলাইচি: 3/4 টা
গাখীৰ: 2 চামুচ

প্ৰণালী:- প্ৰথমে গাখীৰ খিনি গৰম কৰি নেমু দি ফাটাই চানা খিনি ভালদৰে ধুই এখন পাতল কাপোৰত টানকৈ চেপি অলপ সময় ফ্ৰিজত থব। গাখীৰত কেশৰ খিনি তিয়াই থৈ চানা খিনি উলিয়াই কেশৰ গাখীৰ খিনি মিলাই ভালদৰে সানিব লাগে। 10/15 মান সানিব, যদি ঢিলা হয় আধা চামুচ ময়দা দিব । (দৰকাৰ নহলে নালাগে)

এটা বাচনত পানী আৰু চেনী বইল দি তাত ইলাইচি কেইটা দি দিব।

চানা খিনি ভালদৰে সানি সৰু সৰু বল বনাই চেনী ৰসত দি ধাকন এখন দি 15 মিনিট সময়  কৰিব ।


আঙুৰৰ আচাৰ

সামগ্ৰী:

আঙুৰ- এক বাতি
মিঠাতেল- 5 চামুচ 
জলকীয়া গুৰি- 1 চামুচ 
হালধি- এক চিকুট
নিমখ- 2/3 চামুচ 
গোটা সৰিয়হ- 3 চামুচ 
কালজিৰা- আধা চামুচ 
জিৰা গুৰি- অকনমান 

প্ৰণালী

সৰিয়হ খিনি তিয়াই পিচি লব । আঙুৰ খিনি মাজেৰে কাটি লব,  কাটি লৈ নিমখ, হালধি, জলকীয়া গুৰি, জিৰা গুৰি মিলাই লব। কেৰাহীত তেল দি গৰম হলে পিচি থোৱা সৰিয়হ খিনি দি অলপ ভাজি লব।তাৰ পিছত জুই কমাই আঙুৰ খিনি দি অলপ সময় ভাজিব, বেছি লৰাই থাকিব নালাগে । 10 মিনিট সময় তেনেদৰে ভাজি নমাই থব।ঠাণ্ডা হলে চাফা আইনাৰ বটলত ভৰাই মাজে মাজে ৰদত দি থাকিব ।


egg-noodles

সামগ্ৰী:
Noodles:1পেকেট
Cabbage: অলপ
কেপচিকাম: এফাল
গাজৰ:1টা
চয়া চছ:1এক চামুচ
টমেট চছ:3চামুচ
নিমখ:নিজৰ মতে
কণী:2টা
 পিয়াঁজ:1টা



প্ৰণালী:

Noodles খিনি বয়ল কৰি পানী চেকি অলপ ৰিফাইন সানি থৈ বাকী চবজি খিনি নিজৰ জোখমতে কাতি কেৰাহীত তেল দি ভাজি তাত চছ ,নিমখ দি noodlesখিনি দিকম জুই ত থলো, বেলেগে কণী ভাজি noodlesখিনিত দি নমাই থলো

masala-papad

সামগ্ৰী :
পাপৰ: 1খন
গাজৰ: এটা
বিলাহী :এটা
জলকীয়া: নিজৰ মতে 
কলা নিমখ আৰু চাট মছলা: জোখ মতে 
নিজৰ পচন্দৰ চানা অলপ
পিয়াজ: এফাল
ধনীয়া পাত : অলপ


প্ৰণালী :
বিলাহী ,গাজৰ, জলকীয়া, ধনীয়া পাত মিহিকৈ কাটি কলা নিমখ আৰু চাত মছলা দি সানি ললো, পাপৰ এখন ভাজি তাৰ ওপৰত এই দি অলপ চানা আৰু চিপচ দি দিলো. চটপটা পাপৰ ৰেদি

প্ৰস্তুতি
মধুমিতা ডেকা 
বাংগালোৰ 

Post a Comment

Previous Post Next Post