10 Amazing Facts Of Google In Assamese

Assamese Magazine Boidehi | New Assamese Magazine

10 Amazing Facts Of Google In Assamese| Google ৰ দহটা আমোদজনক কথা

ফেচবুক(Facebook) আমি সকলোৱে ব্যৱহাৰ কৰোঁ। তাত gg, congratulations আদি লিখি দিলে ফেচবুক পেজখনত নানান ধৰণৰ আমোদজনক দৃশ্য আহে।এইবিষয়ে আমি সকলোৱে জানো।ফেচবুকৰ দৰে গুগলতো কিছুমান আমোদজনক ব্যৱস্থা আছে,যিবোৰৰ বিষয়ে আমি বেছিভাগেই নাজানোঁ।গুগল(google)  আমাৰ বাবে অপৰিহাৰ্য বস্তু। গুগল আমি সকলোৱে ব্যৱহাৰ কৰোঁ।ইন্টাৰনেট ব্যৱস্থা বুলিলে গুগল নামটো তৎক্ষণাত মুখলৈ আহে।বিভিন্ন তথ্যৰ ভঁৰাল, গুগলত লুকাই থকা আমোদজনক কথা নাইবা fun trick কিছুমান আপোনালোকক জনাওঁ আহক।

1. Zerg rush: যেতিয়া আপুনি গুগলত Zerg rush বুলি সন্ধান কৰিব তেতিয়া আপোনালোকে এটা লিংক পাব।সেই লিংক টোত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত গুগল চাৰ্চৰ ফলাফল সমূহ দেখাব। তাৰ পাছত আমোদজনক ভাৱে ওপৰৰ পৰা ৰঙা-হালধীয়া বল আহি ফলাফল বোৰ এটা এটাকৈ নোহোৱা কৰি যাব।

2. Google gravity:  গুগলত গৈ আপুনি google gravity  বুলি  সন্ধান কৰিলে এটা প্ৰথমতে এটা  লিংক পাব। সেই লিংকটোত ক্লিক কৰিলে এখন নতুন Window খোলা যাব। সেই window খনৰ যিকোনো এঠাইত ক্লিক কৰিলে গুগল হোম পেজ ভাঙি চুৰমাৰ হৈ যাব,আনকি গুগল লগ' বা গুগল মেনু বাৰ খন লৰচৰ হ'বলৈ ধৰে।

3.Google space: গুগলত গৈ আপুনি google space বুলি সন্ধান কৰিলে এটা লিংক পাব।সেইটোত ক্লিক কৰাৰ পাছত আপুনি গুগলৰ ভগ্নপ্ৰায় অৱস্থা এটা পাব।

4.Google Barrel roll: যেতিয়া গুগলত গৈ আপুনি google barrel roll বুলি সন্ধান কৰিব,তেতিয়া আপোনাৰ সন্মুখত এটি লিংক আহিব ,লগতে 10 times,100 times আদি বিকল্প আহিব।তাত ক্লিক কৰিলে গুগলৰ চাৰ্চ ফলাফলৰ পেজখন ঘুৰিবলৈ ধৰিব।

5.Atari breakout: গুগলত Atari break out বুলি চাৰ্চ কৰিলে তলৰ ফালে এটা লিংক আহিব।সেই লিংকটোত ক্লিক কৰিলে তাত বহুতো চাৰ্চ পেজ খোল খাব যিবোৰ একে সময়তেই এটা বলে ভাঙি থাকে, তাক আপুনি গেমৰ দৰে খেলিব পাৰে।

6.google sphere: যেতিয়া গুগলত google sphere বুলি চাৰ্চ কৰিব,আপোনাৰ সন্মুখত এটা লিংক আহিব,তাত ক্লিক কৰিলে গুগলৰ চাৰ্চ বক্সৰ চাৰিওফালে বিভিন্ন option ঘুৰি থকা পৰিলক্ষিত হয়।

7.google underwater: যেতিয়া গুগলত google underwater ক্লিক কৰা যায় তেতিয়া আপুনি এটা লিংক পাব,তাত ক্লিক কৰক, গুগল পেজখন পানীৰ তলত থকা দেখা পাব।

8.Google guitar: যেতিয়া গুগলত google guiter বুলি serach কৰা হয় তেতিয়া এটি লিংক আহিব তাত ক্লিক কৰিলে গীটাৰ এটিৰ ফটো আহিব যাক আপুনি বজাই চাব ও পাৰে।

9.El google: গুগলত গৈ Elgoog বুলি চাৰ্চ কৰক,তাৰ পাছত এটা লিংক আহিব,তাত ক্লিক কৰিলে আপোনাৰ গুগল পেজখন ওলোটা হৈ যাব।

10. Epic google আৰু Weenie গুগল: গুগলত epic google search কৰিলে তলত এটা লিংক পাব,তাত ক্লিক কৰিলে গুগল পেজখন  স্বয়ংক্ৰিয়ভাৱে zoom out হয় আৰু সেইদৰে google weenie search কৰিলে স্বয়ংক্ৰিয়ভাৱে zoom in হয়।

Kulajit Barman

Hi, I'm Kulajit from Baksa, I am Bsc 3rd year student.

Post a Comment

Previous Post Next Post