কাৰোবাক বিয়া কৰাৰ আগতে আপুনি এইকেইটা চোৱা উচিত

tips-before-marriage

কাৰোবাক বিয়া কৰাৰ আগতে আপুনি এইকেইটা চোৱা উচিত

মই বহুতক দেখিছো যিয়ে বিয়াৰ সময়ত বহুতো কথাই মন নকৰে। গতিকে  মই ছোৱালীৰ বা লৰাৰ  বিয়াৰ আগতে কি জনা প্ৰয়োজন তাৰ বিষয়ে তলত কিছুমান মন কৰিবলগীয়া কথা আলোচনা কৰিবলৈ লৈছো। 

আপুনি যাক বিয়া কৰিবলৈ যাব সেইজনক সুধিব তেওঁ কাৰোবাক ভাল পায় নেকি।

"মোৰ পিছত বাইক/স্কুটিত বহাৰ বাবে আপুনি লাজ পাব নেকি?" - যদি তেওঁ উত্তৰত "না" কয়, আপুনি নিঃসন্দেহে তেওঁক বিয়া কৰিব পাৰে।

আপুনি মন কৰিব যে  ল'ৰাটো বা ছোৱালীজনী কিমান বাস্তৱিক । যদি তেওঁ বিয়াৰ আগতে আপোনাক সপোন দি থাকে যে তেওঁ ইয়াক বিবাহৰ পিছত ইটো দিব, সিটো দিব , ইয়াৰ পৰা আপুনি বিৰত থকাটো আটাইতকৈ ভাল। কাৰণ মানুহৰ অৱস্থা কেতিয়াও একে নহয়। আজি লৰাটোৰ বা ছোৱালীজনীৰ বহুত কিবা আছে আৰু কাইলৈ নাথাকিব ও পাৰে।

লৰাটোৱে বা ছোৱালীজনীয়ে মাক-দেউতাকৰ সৈতে কেনে ব্যৱহাৰ কৰে তাক জানিবলৈ চেষ্টা কৰক । এজন লৰাই বা ছোৱালীয়ে নিজ পিতৃ-মাতৃক প্ৰেম কৰিবলৈ, তেওঁক সন্মান কৰিবলৈ যদি নাজানে তেও আপোনাক ভাল পাবলৈ সক্ষম হব কেনেকৈ ?

আচল কথালৈ আহক। লৰাটোৰ বা ছোৱালীজনীৰ অতীত।  মই  অতীতটোক সম্পূৰ্ণৰূপে পৰিহাৰ কৰাৰ পৰামৰ্শ দিওঁ। বৰ্তমানটো অতীতৰ দ্বাৰা কেতিয়াও বিচাৰ কৰিব পৰা নাযায়। অতীতত তেওঁৰ প্ৰেম 3/4 বাৰ  হওক, তাত কিনো ক্ষতি হব। কাৰণ, "এজনৰ প্ৰথম প্ৰেম হব পৰাটো "তৃপ্তি " আৰু শেষ প্ৰেম হব পৰাটো হৈছে "বিজয়"। তেওঁ বৰ্তমান আপোনাৰ নহয় নে ? কেৱল আপোনাৰেইতো হবলৈ গৈ আছে !

অৱশেষত চাওঁক যে লৰাটোৱে বা ছোৱালীজনীয়ে আপোনাৰ চিন্তাবোৰক  তেওঁৰ নিজৰ কৰিবলৈ জানে নে নাজানে ।

Kulajit Barman

Hi, I'm Kulajit from Baksa, I am Bsc 3rd year student.

Post a Comment

Previous Post Next Post