এই ৩০ টা কথা আমি প্ৰতিদিনে মনত ৰাখিব লাগে

Assamese New Magazine | Assamese Story Post

এই ৩০ টা কথা আমি প্ৰতিদিনে মনত ৰাখিব লাগে


১. সদায়ে আপোনাৰ ম'বাইলত কমেও 1 মিনিট কথা পাতিবলৈ বেলেঞ্চ ৰাখিব।

২. আপোনাৰ নিজৰ কামৰ বাবে আনৰ পৰা সহায় ভিক্ষা কৰা পৰাপক্ষত বন্ধ কৰক। আপুনি অপ্ৰত্যাশিত কাৰণত কামটো কৰিব নোৱাৰিলেও অজুহাত নেদেখুৱাব । আপোনাৰ নিজৰ বিফলতাকো স্বীকাৰ কৰক।

৩. সোঁ পিনে শুবলৈ অভ্যাস কৰক।

৪.ৰাতিপুৱা শুই উঠি নিমপাত দুটা খোৱাৰ অভ্যাস কৰক। 

৫. আপুনি যদি সোঁহতীয়া তেন্তে বাওঁহাতখনেৰে লাহে লাহে দাঁত ঘহাৰ অভ্যাস গঢ়ি তোলক। 

৬. বেলেগ মানুহৰ দোষ বিচাৰ কৰাৰ সলনি আপোনাৰ দোষবোৰ বিচাৰি উলিয়াওক। আপুনি যিমানে ত্ৰুটি বিচাৰি পাব, আপোনাৰ লাভ  সিমানে বেছি হব।

৭. মা-দেউতাক সকলো সময়তে ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। হাঁহি এটাৰে তেওঁলোকৰ সৈতে সম্পূৰ্ণ আনন্দ আৰু সুখেৰে কথা পাতক।


৮. আমি মনত ৰাখিব লাগে যে আমাৰ লগত সদায়ে ভগবান থাকে। আপুনি যি কৰে সেয়া ভাবি চিন্তি কৰক।


 ৯. আপোনাক ঘৃণা কৰাজনৰ সৈতেও ভাল ব্যৱহাৰ কৰক। খং নকৰিব।


১০. নিজকে সদায় সৰু বুলি ভাবক কিন্তু মানুহৰ চকুত ডাঙৰ হ'বলৈ চেষ্টা কৰক।


১১. কাৰোপৰা টকা ধাৰত নল'বলৈ চেষ্টা কৰক।


১২. ভাৰ্চুৱেল জীৱনত ধাৰ্মিক পোষ্টবোৰ লাইক আৰু শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক (ফেচবুক, ইউটিউব, টুইটাৰ)। কাৰণ ইয়ে আপোনাৰ মনত কৰি দিব যে আপোনাৰ দুৰ্দিনৰ সময়তো কোনোবা নহয় কোনোবা আছে। 


১৩ আপোনাৰ ধৰ্মৰ গ্ৰন্থবোৰ সময়ে সময়ে  পঢ়ক। বেদ, গীতা  প্ৰয়োজন হলে এমাজনৰ পৰা অৰ্ডাৰ কৰক বা পিডিএফ পাবলৈ গুগল চাওক । 


১৪. মনৰ সৌন্দৰ্য বঢ়াবলৈ চেষ্টা কৰক আৰু মুখমণ্ডলৰ সৌন্দৰ্যতকৈ মনৰ সৌন্দৰ্য্যৰ বিষয়ে অধিক সাৱধান হওঁক।


১৫. আন কাৰো শপত নাখাব। যদি প্ৰয়োজন হয়, ঈশ্বৰৰ শপত খাওক।


১৬. আপোনাৰ সামৰ্থ্য অনুসৰি ব্যয় কৰক।অপ্ৰয়োজনীয়ভাৱে অপচয় নকৰিব।


১৭. মৃত্যুৰ পিছতো আপোনাক মানুহে স্মৰণ কৰিব পৰাকৈ কিবা এটা কৰক। উদাহৰণ স্বৰূপে, মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি দিয়ক , এজন ব্যক্তিক ধৰ্মীয় পুথি ক্ৰয় কৰি দিয়ক , বা কোনোবা স্কুল কলেজৰ বাবে কিবা দান কৰক ইত্যাদি।


১৮. যদি আপুনি কিবা কৰাৰ সিদ্ধান্ত লয় বা কিবা কৰিব বিচাৰে, তেন্তে ভগৱানৰ নাম লৈ কৰক ।


১৯. ঈশ্বৰে নিবিচাৰিলে আপুনি একো কৰিব নোৱাৰে।


২০. আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব।


২১ সম্পূৰ্ণৰূপে মিছা কোৱা পৰিহাৰ কৰক।


২২. হাঁহি এটা মাৰি আনৰ সৈতে কথা পাতক। সকলোৰে আগত সদায় সুখী থাকিবলৈ চেষ্টা কৰিব।


২৩. সৰু ভুলৰ বাবে মানুহক অপমান নকৰিব। বিচাৰিলে ঈশ্বৰে আপোনাকো তাতকৈও বেছি অপমানিত কৰিব পাৰে।


২৪. আন কোনোবাই ৱাথৰুমত থাকিলে ডাঙৰকৈ মাতিব নালাগে।প্ৰয়োজনীয় হলে আপোনাৰ মুখেৰে কোমল শব্দ কৰি অৱস্থিতি দিয়ক। 


২৫. যেতিয়া আপুনি শিশুসকলক লগ পায়, তেওলোকৰ মুৰত হাত বুলাই দিয়ক। মনটো কোমল হ'ব।


২৬. মানুহৰ পৰা বেছি আশা কৰা বন্ধ কৰক, আত্মনিৰ্ভৰশীল হ'বলৈ শিকক। আপোনাক আনে সন্মান কৰিব।


২৭. সকলো কামক সমান গুৰুত্ব দিয়ক। একো কামেই সৰু বুলি নাভাবিব ।


২৮. কাৰোবাৰ মৃত্যুৰ পিছত তেওঁৰ বিষয়ে বেয়া কথা নক'ব।


২৯. সদায়ে আপোনাৰ শৰীৰ আৰু কাপোৰ পবিত্ৰ ৰাখিবলৈ চেষ্টা কৰিব।


৩০. কেৱল নিৰন্তৰ শক্তিৰেই নহয় , নিজৰ বুদ্ধিমত্তাক ব্যৱহাৰ কৰক আৰু কাম কৰক।


শ্বেয়াৰ কৰি সকলোকে পঢ়াৰ সুবিধা দিয়ক।

Assamese Blogger

Online Content Creator, Passionate Blogger

Post a Comment

Previous Post Next Post