মই বৰ অকলশৰীয়া অনুভৱ কৰোঁ, মই একো ভাল নাপাওঁ। এনে হলে কি কৰিব?

how to deal with loneliness in Assamese Language

মই বৰ অকলশৰীয়া অনুভৱ কৰোঁ, মই একো ভাল নাপাওঁ। এনে হলে কি কৰিব?

এইটো কেৱল এটা অনুভৱ, আন একো নহয়। প্ৰতিজন মানুহে তেওঁৰ জীৱনৰ কোনো সময়ত অকলশৰীয়া অনুভৱ কৰে। কিন্তু এইটো এনেকুৱা বস্তু নহয় যে আপোনাৰ গোটেই জীৱনৰ বাবে অকলশৰীয়া অনুভৱ থাকিব।

হয়তো, অতীতৰ যিকোনো স্মৃতিয়ে আপোনাক আঘাত কৰিছে। হয়তো, আপুনি কাৰোবাৰ ওপৰত খুব নিৰ্ভৰশীল হৈ পৰিছিল, তেওঁ গুচি গৈছে। এনে ধৰণৰ বহুতো কাৰণ থাকিব পাৰে।

আপুনি কেইটামান কাম কৰিব লাগিব

আপুনি নিজকে অৰ্থপূৰ্ণ কিবা এটা কামত ব্যস্ত ৰাখিব লাগিব। সেয়া কিতাপ পঢ়া, চিত্ৰাংকন কৰা , কাহিনী লিখা, এক নতুন দক্ষতা বিকাশ কৰা  হ'ব পাৰে।

যদি আপোনাৰ জীৱনত এটা সঠিক লক্ষ্য আছে, আৰু যদি আপুনি ইয়াক পূৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখে, আপোনাৰ একাকীত্ব আঁতৰ কৰা হ'ব।

যেতিয়াই  কোনো সপোন বা জীৱনত কিবা কৰাৰ আকাংক্ষা নাথাকে তেতিয়াই মানুহে অকলশৰীয়া অনুভৱ কৰে। নতুন নতুন পৰিকল্পনা কৰক। আৰু সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক বা সেইবোৰ পূৰণ নোহোৱালৈকে কৰি থাকক। 

ধৰি লওঁক আপুনি ইংৰাজী ভাষাৰ দক্ষতা উন্নত কৰিব বিচাৰে, এটা নতুন ভাষা শিকিব বিচাৰে, এনে বহুতো বস্তু থাকিব পাৰে। মই আপোনাক এটা কথা কৈছোঁ, আপুনি কিতাপ পঢ়িবলৈ আৰম্ভ কৰিব পাৰে, ই আপোনাৰ ইংৰাজী দক্ষতা উন্নত কৰিব, লগতে অকলশৰীয়া হোৱাৰ অনুভূতিও হেৰুৱাব।

প্ৰতিদিনে কমেও 1 ঘণ্টাৰ বাবে কিতাপ পঢ়ক (ভাল কিতাপ হ'ব লাগিব)। ৰাতিপুৱা সাৰ পোৱাৰ পিছত ৩০ মিনিট , শুবলৈ যোৱাৰ আগত 30 মিনিট সময়ৰ বাবে পঢ়ক। যদি আপুনি 1 মাহৰ বাবে প্ৰতিদিনে এনে কৰিব পাৰে, আপুনি আপোনাৰ উন্নতি নিজেই বুজি পাব। অকলশৰীয়া অনুভূতিবিলাক পোহৰতো বিচাৰি নাপাব। আৰু যদি আপুনি 6 মাহ আৰু 1 বছৰৰ বাবে এনে কৰিব পাৰে, আপুনি নিজেই বুজি পাব কিমান পৰিৱৰ্তন হৈছে

-ভাবানুবাদ

তলৰ ফেচবুক / হোৱাটচএপ শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক

Assamese Blogger

Online Content Creator, Passionate Blogger

Post a Comment

Previous Post Next Post