এইখিনি কথাই তোমাৰ জীৱন সলনি কৰিব Assamese Motivational Story

Assamese Motivational Story

এইখিনি কথাই তোমাৰ জীৱন সলনি কৰিব Assamese Motivational Story

আজি মই তোমাক জীৱনৰ এটা ডাঙৰ উপদেশ দিবলৈ গৈ আছো। এয়া মানি চলিলে তুমি সকলোৰে বিশ্বাস অৰ্জন কৰিবা যে সেয়া নহয় বৰঞ্চ তোমাক দিয়া প্ৰতিশ্ৰুতি কোনোবাই ভাঙিলেও তোমাৰ কোনো অনুশোচনা নহব, নিজৰ ওপৰত গৰ্ব হে হব। 

আমেৰিকাত এদিন হিমশীতল ৰাতি এজন কোটিপতি মানুহে তেওঁৰ ঘৰৰ সমুখত এজন বৃদ্ধ দৰিদ্ৰ মানুহক দেখিবলৈ পালে । তেওঁ বৃদ্ধ মানুহজনক সুধিলে-“ বাহিৰত ইমান ঠাণ্ডা আৰু তোমাৰ গাত কিয় গৰম কাপোৰ নাই, তোমাৰ ঠাণ্ডা নালাগেনে ? ” বৃদ্ধ লোকজনে উত্তৰ দিলে-“ মোৰ লগত গৰম কাপোৰ নাই, সেয়ে সহ্য কৰি আছো।” কোটিপতি জনে কলে- “মোৰ বাবে অলপ সময় অপেক্ষা কৰা ।মই ঘৰলৈ গৈয়েই তোমাৰ কাৰণে গৰম কাপোৰ কেইখনমান লৈ আহি আছো ।” দৰিদ্ৰ বৃদ্ধজন খুব বেছি আনন্দিত হৈ কলে যে তেওঁ অপেক্ষা কৰিব। 

ধনী মানুহজনে তেওঁৰ ঘৰত সোমাল আৰু নিজৰ কামত ইমানেই ব্যস্ত হৈ পৰিল যে বৃদ্ধ মানুহজনক কোৱা কথাটো তেঁও পাহৰি থকিল। ৰাতিপুৱা তেঁওৰ মনত পৰিল সেই বৃদ্ধ মানুহজনক দিয়া প্ৰতিশ্ৰুতি । তেওঁ লগে লগে ঘৰৰ পৰা কিছু গৰম কাপোৰ লৈ মানুহজনৰ সন্ধানত ওলাই গল ।কিন্তু বৃদ্ধলোকজনক তেওঁ ঘৰৰ পৰা কিছু দুৰত ঠাণ্ডাত মৃত অবস্থাত দেখিবলৈ পালে। মানুহজনৰ  হাতত এখিলা সৰু কাগজ আছিল । কাগজখিলাত লিখা আছিল - “ যেতিয়া মোৰ লগত কোনো গৰম কাপোৰ নাছিল তেতিয়া মোৰ ঠাণ্ডাৰ সৈতে যুদ্ধ কৰাৰ ক্ষমতা আছিল কাৰণ এয়া মই মানি লবলগীয়া হৈছিল। কিন্তু যেতিয়া কোনোবাই মোক সহায় কৰাৰ প্রতিশ্রুতি দিছিল , তেতিয়া মই সেই প্রতিশ্রুতিৰ সৈতে আসক্ত হৈ গৈছিলো লগতে মই  মোৰ ভীষণ ঠাণ্ডা প্রতিৰোধ কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছিলো । ”

সেয়ে দয়া কৰি কাৰোবাক প্রতিশ্রুতি দিয়াৰ আগতে ভাবিবা লগতে অহেতুক মিছা প্রতিশ্রুতি দিয়াৰ পৰা বিৰত থাকিবা। প্রতিশ্রুতি দি ৰক্ষা কৰিব নোৱাৰাতকৈ আৰু বেছি মাৰাত্মক একোৱেই হব নোৱাৰে। 

ধন্যবাদ।

ভাল লাগিলে শ্বেয়াৰ আৰু কমেন্ট কৰিবা।

Assamese Blogger

Online Content Creator, Passionate Blogger

Post a Comment

Previous Post Next Post