মাতাল প্ৰেমিকজন

মাতাল প্ৰেমিকজন 



আপোনাৰ বেসুৰা প্ৰেমৰ নায়িকা মই! 
কিহৰ নিচাত আপুনি মাতাল ....? 
চিগাৰেটৰ ধোঁৱা উৰুৱাই 
হাতত মদিৰাৰ গিলাচ লৈ 
বিছনাত পেলাই থোৱা উলংগৰ মইজনীক 
কিমান নগ্নতাৰে চাব বিচাৰিব আপুনি। 

ধিক্কাৰ জন্মে আপোনাৰ দৰে মাতাল নিচাসক্ত পুৰুষজনলৈ, 
বুকুৰ ওখোৰা-মোখোৰা ঠাইত যেতিয়াই আপুনি আঙুলি বুলিয়াই 
মোৰ যৌনতাক হাতেৰে খামুচিয়াই .....! 

উফ্.......! 
সিৰাই সিৰাই বিয়পি ফুৰা ৰঙা ৰক্তখিনি উত্তপ্ত হৈ জ্বলি উঠে। 

আপোনাৰ নিচাসক্ত সৰ্বশৰীৰটো মোৰ উলংগ শৰীৰৰ ওপৰত পেলাই যেতিয়াই আপুনি 
কামনাত জৰ্জড়িত হৈ পৰে; 
তেতিয়াই, 
মোৰ মনত প্ৰশ্ন উঠে
দেহৰ লালসাই পংগু কৰা আপুনি এজন 
মাতাল প্ৰেমিক। । 



বন্দীতা সাউদ
গোৱালপাৰা

Post a Comment

Previous Post Next Post